মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মুদ্ৰণ আৰু লেখন সামগ্ৰী মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকালয়

আমাৰ ইতিহাস

  • অসমৰ মুদ্ৰণ আৰু লেখন সামগ্ৰীৰ সঞ্চালকালয়ৰ কাৰ্য্যালয় বামুণীমৈদাম, গুৱাহাটী-২১ ত অৱস্থিত। শ্বিলঙৰ “বিটেন শিল” ত ১৮৭৪ চনৰ আগষ্ট মাহত অসম চৰকাৰৰ মুদ্ৰণ ছপাশালৰ প্ৰতিষ্ঠা হৈছিল। প্ৰথম পৰ্য্যায়ত ইয়াক “অসম সচিবালয় ছপাশাল” হিচাপে জনা হৈছিল। ১৮৯২ চনত ইয়াক “অসম সচিবালয় মুদ্ৰণ বিভাগ”লৈ পৰিবৰ্তন কৰা হয়। পুনৰ ১৯২১ চনত ইয়াৰ নাম সলনি কৰি “অসম চৰকাৰী ছপাশাল” লৈ পৰিৱৰ্তন কৰা হয়, যিটো আজি পৰ্যন্ত প্ৰচলিত হৈ আছে।

    ১৯৫৪ চনত অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুদ্ৰণৰ কামৰ বাবে অসম চৰকাৰী ছপাশালাৰ এটা শাখা ছপাশালা আৰম্ভ কৰাৰ সিদ্ধান্ত মন্ত্ৰীসভাত লোৱা হয়। ১৯৫৪ চনৰ ১৪ নবেম্বৰত মন্ত্ৰীসভাৰ সিদ্ধান্ত মৰ্মে গুৱাহাটীৰ গুৱাহাটী জেল চৌহদত অসম চৰকাৰী ছপাশালাৰ শাখা এটাৰ স্থাপনা কৰা হয়। তাৰ দুবছৰৰ পিছত ছপাশালাটো গুৱাহাটীৰ ৰিহাবাৰীৰ এটা ভাড়া ঘৰলৈ হস্তান্তৰ কৰা হয়। সেই বছৰতেই বিভাগৰ লেখন সামগ্ৰীৰ শাখাটো অন্তৰ্ভূক্ত কৰা হৈছিল।

    মুদ্ৰণ আৰু লেখন সামগ্ৰীৰ সঞ্চালকালৰ বৰ্তমানৰ ভৱনটো ১৯৬১ চনত বামুনীমৈদাম, গুৱাহাটী-২১ত সম্পূৰ্ণ কৰা হয় আৰু ইয়াৰ উদ্ধোধন কৰে তেতিয়াৰ মাননীয় মন্ত্ৰী স্বৰ্গীয় ৰূপনাথ ব্ৰহ্মই ১৯৬১ চনৰ ১৬ নবেম্বৰত।

    মুদ্ৰণ আৰু লেখন সামগ্ৰীৰ সঞ্চালকালয়ৰ প্ৰথম সঞ্চালক আছিল স্বৰ্গীয় ৰাণা প্ৰতাপ বৰুৱা(বিজ্ঞানৰ স্নাতক, মুদ্ৰণ টেক.)