মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মুদ্ৰণ আৰু লেখন সামগ্ৰী মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকালয়

আমি কি কৰো

  • মুদ্ৰণ আৰু লেখন সামগ্ৰী হৈছে এটা সেৱা বিভাগ যি অসমৰ সকলো চৰকাৰী বিভাগৰ মুদ্ৰণ আৰু লেখন সামগ্ৰীৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে।

    চৰকাৰী ছপাশালৰ মুখ্য কাৰ্য্যাৱলীসমূহ হৈছে

    • অসম চৰকাৰী ছপাশালা চৰকাৰী ৰাজপত্ৰ, এ.জি.ৰ বিত্ত গণনা হিচাপ পৰীক্ষাৰ প্ৰতিবেদন আদিৰ সৈতে সকলো চৰকাৰী মুদ্ৰণৰ কাম কৰাৰ কাৰণে দায়ী।
    • সকলো প্ৰকাৰৰ অনুসূচী আৰু অ-অনুসূচী প্ৰ-পত্ৰৰ মুদ্ৰণ।
    • অসম চৰকাৰৰ বিভিন্ন প্ৰকাশনৰ মুদ্ৰণ
    • সকলো প্ৰকাৰৰ পত্ৰ পেড, আমন্ত্ৰণ পত্ৰ, ভিজিটিঙ পত্ৰ আদিৰ মুদ্ৰণ।
    • বিভিন্ন বিভাগৰ বিভিন্নধৰণৰ সৰু পুস্তিকা, ব্ৰশ্বুৰ আদিৰ মুদ্ৰণ।
    • অসম চৰকাৰৰ বিভিন্ন নিয়ম, বাৰ্ষিক প্ৰতিবেদনৰ মুদ্ৰণ।
    • অসম চৰকাৰৰ প্ৰত্যেক বছৰে ডায়েৰী, কেলেণ্ডাৰ আৰু দৈনিক কৰ্মৰ তালিকাৰ মুদ্ৰণ।
    • সাংসদীয় আৰু বিধান সভা, পৌৰ নিৰ্বাচন, এ.ডি.চি.কে.এ., এ.ডি.চি. ডিমা হাচাও, বি.টি.চি.ৰ নিৰ্বাচন আদিৰ বেলট পত্ৰৰ মুদ্ৰণ।
    • স্মাৰকপত্ৰ, ভাষণ আদিৰ মুদ্ৰণ।
    • বাজেটৰ নথিসমূহৰ মুদ্ৰণ।
    • সকলো পৰিষদ, নিগম আৰু স্বায়ত্ব শাসিত নিকায়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত সম্পৰ্কিত মুদ্ৰণৰ কাম।