মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মুদ্ৰণ আৰু লেখন সামগ্ৰী মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকালয়

প্রবেশাধিকাৰ বিবৃতি

আমি এইটো নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ যে মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকালয়ৰ এই অফিচিয়েল ৱেবছাইটটো যিকোনো ব্যৱহাৰ হোৱা যন্ত্ৰ, প্ৰযুক্তি বা ক্ষমতাৰ সকলো ব্যৱহাৰকাৰীৰে অভিগম্য বা প্ৰৱেশ খোলা। ইয়াৰ দৰ্শকক সৰ্বোচ্চ অভিগম্যতা আৰু ব্যৱহাৰযোগ্যতা প্ৰদান কৰিব পৰা লক্ষ্যৰে ইয়াৰ প্ৰস্তুত কৰা হৈছে। তাৰ ফলতেই এই পোৰ্টেল বিভিন্ন যন্ত্ৰ যেনে- ডেক্সটপ/লেপটপ কম্পিউটাৰ, ৱেব-এনেৱলড ডিভাইচ ইত্যাদিত দৰ্শন কৰিব পাৰি। আমি আমাৰ যথাসম্ভৱ প্ৰচেষ্টা অব্যাহত ৰাখিছো যাতে এই পোৰ্টেলৰ সমস্ত তথ্য, প্ৰতিবন্ধী ব্যক্তিৰ অভিগম্য হোৱাটো নিশ্চিত হয়। উদাহৰণস্বৰূপে দৃষ্টিশক্তিহীন এগৰাকী ব্যক্তিয়ে এই পোৰ্টেল সহকাৰী প্ৰযুক্তিৰ সহায়ত যেনে- স্ক্ৰীণ ৰীডাৰ্ছ আৰু স্ক্ৰীণ বিৰ্বধকৰ ব্যৱহাৰ কৰি সহজেই অভিগমন কৰিব পাৰে।

আমি আমাৰ মানদণ্ডৰ পৰিমাপৰ প্ৰতি লক্ষ্য ৰাখো আৰু ব্যৱহাৰযোগ্যতা আৰু সাৰ্বজনীন ডিজাইনৰ নীতি অনুসৰণ কৰো, যি এই পোৰ্টেলৰ সকলো দৰ্শকৰ সহায়ৰ বাবে। এই পোৰ্টেলয়ো XHTML 1.0 ব্যৱহাৰ কৰি ডিজাইন কৰা হৈছে। (ভাৰত চৰকাৰৰ ৱেবছাইটসমূহৰ নিৰ্দেশনা পূৰণৰ বাবে আৰু ৱেব বিষয়বস্তু অভিগম্যতাৰ নিৰ্দেশাৱলীৰ স্তৰ ‘এ’ মানদণ্ড অনুসৰণ কৰিবলৈ বিশ্বজোৰা ৱেব সাহায্যৰ দ্বাৰা ৰূপান্তৰিত কৰা হয়।)

পোৰ্টেলৰ তথ্যৰ কিছু অংশ বাহিৰা আন ৱেবছাইটৰ লগত লিংক কৰিও উপলব্ধ কৰোৱা হয়। সংগতি থকা বিভাগসমূহে এই ৱেবছাইটসমূহ পৰিচৰ্যা কৰে, যি এই ছাইটসমূহৰ অভিগম্যৰ বাবে দায়ী। শাৰিৰীকভাৱে অক্ষম লোকসকলৰ অভিগম্য হব পৰাকৈ ৱেবছাইটসমূহৰ মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকালয়ে কাম কৰি আছে, যদিও এতিয়ালৈ পি.ডি.এফ. ফাইলসমূহ অভিগম্য হৈ উঠা নাই। লগতে হিন্দী ভাষাত উপলব্ধ তথ্যসমূহো এতিয়ালৈ অভিগম্য হৈ উঠা নাই।

যদি আপোনাৰ কোনো সমস্যা বা পৰামৰ্শ এই পোৰ্টেল অভিগম্যতাক লৈ আছে, আমালৈ লিখিব পাৰে/আমাক জনাব পাৰে। আপোনাৰ যোগাযোগৰ ঠিকনাৰ সৈতে কেনে ধৰণৰ সমস্যাৰ মুখামুখি হৈছে, আমাক জনাওক।

অভিগম্যতা বৈশিষ্ট্যৰ বিষয়ে শিকোঁ আহক

অভিগম্যৰ বাবে ডি.আই.টি. ৱেবছাইটত অন্তৰ্ভুক্ত বৈশিষ্ট্যসমূহ হল – মূল বিষয়বস্তুলৈ যাওক – পুনৰাবৃত্তিমূলক নেভিগেশ্যনৰ মাধ্যমেৰে নোযোৱাকৈ, পৃষ্ঠাৰ মূল বিষয়বস্তুত কিবোৰ্ড ব্যৱহাৰৰ দ্বাৰা দ্ৰুত অভিগমন প্ৰদান কৰা হয়।

আইকনঃটেক্সক/আখৰক আইকনৰ সৈতে সংপৃক্ত কৰা হৈছে, যত শিকাৰ ক্ষেত্ৰত অক্ষম ব্যৱহাৰকাৰীয়ে সহজেই তথ্য বুজিবলৈ সক্ষম হব। গুৰুত্বপূৰ্ণ বৈশিষ্ট্য বা সুবিধাসহ যেনে- মুদ্ৰন, ইমেইল ইত্যাদিৰ লগতে কী সঞ্চালনৰ বিকল্পৰ বাবে টেক্সট লেবেলসহ আইকন প্ৰদান কৰা হৈছে।

অভিগম্যতা বিকল্পঃ আখৰ বা টেক্সটৰ আকাৰ পৰিৱৰ্তন কৰাৰ বাবে বিকল্প বা অপচনবোৰ এটি ৰঙৰ স্কীমত ছেট কৰি আখৰ বিন্যাস বৃদ্ধি কৰিব পাৰি। ফাইলৰ প্ৰকাৰ আৰু ফাইলৰ আকাৰৰ চিনাক্তকৰণ – ব্যৱহাৰকাৰীৰ সহায়ৰ বাবে, লিংক টেক্সটৰ ভিতৰতে, ফাইলৰ আকাৰৰ লগতে, বিভিন্ন প্ৰকাৰৰ ফাইল যেনে- পি.ডি.এফ. ফাইল, ৱৰ্ড, এক্সেল আদিৰ ওপৰত তথ্য প্ৰদান কৰা হয়। অতিৰিক্তভাৱে/লগতে লিংকৰ সৈতে বিভিন্ন আকাৰৰ ফাইলৰ বাবে আইকন বা মাউচ প্ৰদান কৰা হৈছে। ই ব্যৱহাৰকাৰীক তেওঁলোকে লিংকৰ অভিগমন কৰা নকৰাৰ সিদ্ধান্ত লোৱাত সহায় কৰে। ইদাহৰণস্বৰূপে যদি এটা লিংকত এটা পি.ডি.এফ. ফাইল খোলে, ফাইলটোৰ আকাৰ আৰু প্ৰকাৰ লিংকৰ টেক্সটে/আখৰে নিৰ্দিষ্ট কৰে।

শিৰোনামাঃ ৱেব পৃষ্ঠাৰ বিষয়বস্তুসমূহ সঠিক শিৰোনাম আৰু উপ-শিৰোনামেৰে সু-সজ্বিত বা প্ৰণালীবদ্ধভাৱে সজোৱা হয়, যাতে ই এক সুন্দৰ পঠনযোগ্য গাঠনি প্ৰদান কৰে। H1য়ে মুখ্য শিৰোনাম আৰু H2য়ে উপ-শিৰোনামা ইংগিত কৰে।

শীৰ্ষকঃ প্ৰতিটো ৱেব পৃষ্ঠাৰ বাবে একোটা যথাযথ নাম বা শীৰ্ষক নিৰ্দিষ্ট কৰা হয়, যাৰ সহায়ত আপুনি পৃষ্ঠাৰ বিষয়বস্তু সহজেই বুজিব পাৰে।

বৈকল্পিক আখৰ/টেক্সটঃ দৃষ্টিশক্তিহীন ব্যৱহাৰকাৰীৰ বাবে কোনো দৃশ্যৱলী বা প্ৰতিচ্ছবিৰ বিশদ বৰ্ণনা প্ৰদান কৰা হয়। আপুনি যদি মাথো টেক্সটক সঁহাৰি জনোৱা এটা ব্ৰাউচাৰ ব্যৱহাৰ কৰিছে বা প্ৰতিচ্ছবি বা দৃশ্য প্ৰদৰ্শন ব্যৱস্থা বন্ধও থাকে, বৈকল্পিক টেক্সট পাঠ কৰি আপুনি, দৃশ্যৱলীৰ বিষয়ে সকলো জ্ঞাত হব পাৰিব। তাৰোপৰি কিছুমান ব্ৰাউচাৰত টুল টিপৰ ৰূপত, বৈকল্পিক টেক্সট প্ৰদৰ্শিত হয়, যেতিয়া ব্যৱহাৰকাৰীয়ে মাউচ, দৃশ্যাৱলীৰ ওপৰত সঞ্চালন কৰে।

ক্ৰমাগত নেভিগ্যাশ্বন পদ্ধতিঃসুসংগঠিত আৰু প্ৰদৰ্শনৰ বিশেষ প্ৰকাশভংগী সৰ্বত্ৰ ৱেবছাইটজুৰি অন্তৰ্ভুক্ত কৰা হৈছে।

কিবৰ্ড সঁহাৰিঃ ৱেবছাইট কিবৰ্ড ব্যৱহাৰ কৰি, টেব আৰু ছিফ্ট+ টেব কী হেঁচা মাৰি বা ডৱাইও ব্ৰাউচ কৰিব পাৰি।

স্বনিৰ্বাচিত আখৰ / টেক্সট আকাৰঃ ৱেব পৃষ্ঠাৰ আখৰ বা টেক্সৰ আকাৰ, প্ৰতিটো পৃষ্ঠাৰ ওপৰত থকা আখৰৰ আকাৰ সলনি কৰা আইকন ক্লিক কৰি বা হয় ব্ৰাউচৰ দ্বাৰা, নহয় অভিগম্যতা বৈকল্পিক পৃষ্ঠাৰ দ্বাৰা সলনি কৰিব পাৰি।

এডজাষ্ট কনট্ৰাষ্ট স্কীমঃ চাক্ষুকভাৱে অক্ষম যেনে- দুৰ্বল দৃষ্টিশক্তিযুক্ত, ৰঙৰ অন্ধ্যাত্ম্যসকলে, যাতে ৱেব পৃষ্ঠাৰ তথ্যৰ সহজে বোধগম্য হব পাৰে, তাৰ বাবে বিভিন্ন আঁচনি ৱেবছাইটে প্ৰদান কৰে। ৱেব পৃষ্ঠাৰ কনট্ৰাষ্ট সলনিৰ বাবে উপলব্ধ সুবিধাই আখৰ বিন্যাস বৃদ্ধি কৰে – অভিগম্যতা বৈকল্পিক পৃষ্ঠাই, দুটা শব্দৰ মাজৰ বগা অংশৰ দূৰত্ব বৃদ্ধিৰ বিকল্প প্ৰদান কৰে। বগা অংশ দুটা পৰ্যায়লৈ বৃদ্ধি কৰিব পাৰি। এই ব্যৱস্থা দুৰ্বল দৃষ্টিশক্তি যুক্ত আৰু শিক্ষাৰ্থী যি, উপলব্ধ তথ্য পঢ়াত কিছু অসুবিধা অনুভৱ কৰে, তেনে ব্যৱহাৰকাৰীৰ বাবে বৰ সহায়কাৰী।

অভিগম্যতা বিকল্পৰ বিষয়ে শিকোঁ আহক

ৱেবছাইটে প্ৰদান কৰা অভিগম্যতা বিকল্প স্ক্ৰীণ ডিছপ্লে নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰক। এই বিকল্প সমূহে আখৰ বিন্যাস বৃদ্ধি কৰা, আখৰৰ আকাৰ সলনি আৰু স্পষ্টতা আৰু উন্নত বা সুবিধাজনকভাৱে পাঠ কৰাৰ বাবে সহায়কাৰী।

আখৰৰ আকাৰ সলনি কৰাঃ ই আখৰৰ নিৰ্ধাৰিত আকাৰতকৈ, সৰু বা ডাঙৰ কৰি লোৱাকে বুজায়। ইয়াৰ বাবে পাঁচটা বিকল্প প্ৰদান কৰা হৈছে। এইবোৰ হল-

বৃহত্তম – বৃহত্ আকাৰৰ আখৰৰে তথ্য প্ৰদৰ্শন কৰে।

বৃহত্তম – নিৰ্ধাৰিত আকাৰৰ আখৰতকৈ সামান্য বেছি আকাৰত তথ্য প্ৰদৰ্শন কৰে।

মধ্যম – নিৰ্দিষ্ট নিৰ্ধাৰিত আকাৰত তথ্য প্ৰদৰ্শন কৰে।

ক্ষুদ্ৰতৰ/সৰু – নিৰ্ধাৰিত আকাৰতকৈ সামান্য সৰু আকাৰৰ আখৰৰে তথ্য প্ৰদান কৰে।

ক্ষুদ্ৰতম – ক্ষুদ্ৰ আকাৰৰ আখৰেৰে তথ্য প্ৰদৰ্শন কৰে।

আখৰৰ আকাৰ সলনি কৰিবলৈ-

১. অভিগম্যতা বিকল্প নিৰ্বাচন/চিনাক্ত কৰক। অভিগম্য বিকল্পৰ পৃষ্ঠাটো ওলাব।

২. আখৰৰ আকাৰ শাখাৰ পৰা, সঠিক বা প্ৰয়োজনীয় আখৰ আকাৰ নিৰ্বাচন কৰক।

৩. ক্লিক কৰক।

ৰঙৰ প্ৰকাৰ সলাবলৈ –

স্পষ্টভাৱে পঢ়িব পৰাকৈ খাপখোৱা পটভূমি আৰু আখৰৰ ৰং নিৰ্বাচন কৰা আৰু নিশ্চিত কৰি প্ৰয়োগ কৰা। ইয়াৰ বাবে দুটা বিকল্প প্ৰদান কৰা হৈছে। এইকেইটা হল-

উচ্চ কনট্ৰাষ্ট – পঢ়িব পৰাৰ মান উন্নত কৰিবলৈ, স্ক্ৰীণত কলা ৰং পটভূমি হিচাপে প্ৰয়োগ কৰা আৰু আখৰতো স্পষ্টতাৰ বাবে খাপ খোৱা ৰং প্ৰয়োগ কৰা।

মানসম্পন্ন কনট্ৰাষ্টঃ স্ক্ৰীণক তাৰ প্ৰকৃত ৰূপলৈ অনাটো।

ৰঙৰ প্ৰকাৰ সলাবলৈ-

১. অভিগম্যতা বিকল্প নিৰ্বাচন/চিনাক্ত কৰক। অভিগম্য বিকল্পৰ পৃষ্ঠাটো ওলাব।

২. কনট্ৰাষ্ট আঁচনি শাখাৰ পৰা, নিৰ্দিষ্ট/সঠিক কনট্ৰাষ্ট চিনাক্ত বা নিৰ্বাচন কৰক।

৩. ক্লিক কৰক।   

টোকা- ৰঙৰ আঁচনি সলনিয়ে, স্ক্ৰীণৰ/পৰ্দাৰ প্ৰতিচ্ছবিত কোনো প্ৰভাৱ নেপেলায়।