মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মুদ্ৰণ আৰু লেখন সামগ্ৰী মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকালয়

মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ দ্বাৰা সম্পন্ন কৰিব লগীয়া মুদ্ৰণৰ কামৰ বাবে আবেদন

 

তালিকাঃ

  • মুদ্ৰণ কামৰ বাবে আবেদন:- মুদ্ৰণৰ কাম কৰিবৰ বাবে আবেদন সঞ্চালক, মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকালয়, অসমৰ ওচৰত দাখিল কৰিব লাগিব।
  • নথি পত্ৰ:- আৱশ্যকীয় নথি পত্ৰৰ সৈতে আবেদন কৰিব লাগিব।
  • এন.অ.চি.:- এন.অ.চি. এখন লব লাগিব যদিহে মুদ্ৰণৰ কাম পঞ্জীকৃত ছপাশালৰ জৰিয়তে সম্পাদনা কৰা হয়।

অৱলোকন

মুদ্ৰণৰ গুণগত মান বজাই ৰখাৰ লগতে বিভিন্ন চৰকাৰী বিভাগ আৰু নিগম, পৰিষদ, কৰ্তৃপক্ষ, সংশ্লিষ্ট সকলো সঞ্চালকৰ সৈতে বিভাগীয় মুৰব্বীৰ দ্বাৰা হাতত লোৱা বিভিন্ন মুদ্ৰণৰ কামৰ হাৰৰ যুক্তিপূৰ্ণ আৰু সমতা নিশ্চিত কৰিবৰ কাৰণে অসম চৰকাৰী ছপাশানাৰ জৰিয়তে তেনে মুদ্ৰণৰ কাম সম্পাদনা কৰা হব (জৰুৰী কোনো মুদ্ৰণৰ কামৰ বাহিৰে)।

আবেদন প্ৰক্ৰিয়া

সম্বন্ধিত বিভাগে বা কাৰ্য্যালয়ে কৰিব লগিয়া সকলো আৱশ্যকীয় মুদ্ৰণৰ কামৰ নথি-পত্ৰ সমূহৰ সতে সঞ্চালক, মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকালয়, অসমৰ কাষ চাপিব লাগিব।

জৰুৰী কোনো মুদ্ৰণৰ কামৰ ক্ষেত্ৰত আৰু সেই সময়ত যদি অসম চৰকাৰী ছপাশানা আন কোনো মুদ্ৰণৰ কামৰ লগত ব্যস্ত হৈ থাকে তেনে ক্ষেত্ৰত সম্বন্ধিত বিভাগে যোগ্য পঞ্জীকৃত ছপাশালৰ পৰা নিবিদাৰ আহ্বান জনাব, যি মুদ্ৰণ আৰু লেখন সামগ্ৰীৰ সঞ্চালকালয়ে জাৰী কৰা এন.অ.চি.ৰ জৰিয়তে কাৰ্য সম্পাদনা কৰিব পাৰিব।

আবেদনৰ সৈতে প্ৰদান কৰিব লগীয়া নথি-পত্ৰ সমূহ

নমুনা কপি, সময়সীমা, মুদ্ৰণ হবলগীয়া প্ৰতিলিপিৰ সংখ্যা, বিতৰণৰ স্থান ইত্যাদি আৰু বিভিন্ন গুৰুত্বপূৰ্ণ নথি-পত্ৰ সমূহ।

কাক যোগাযোগ কৰিব

সঞ্চালক, মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকালয়, অসম, বামুনীমৈদাম,গুৱাহাটী-২১