ৰাজ্যৰ ইচ্ছুক ব্যক্তিগত ছপাশাল সমূহে অসম চৰকাৰৰ মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগত পঞ্জীয়নৰ কাৰণে আবেদন জমা কৰিব পাৰে। পঞ্জীকৃত ছপাশাল সমূহে ৰাজ্যৰ বিভিন্ন চৰকাৰী বিভাগৰ মুদ্ৰণৰ কাম সম্পাদন কৰিবৰ বাবে যোগ্য হব।
আৱশ্যকীয় ক্ষমতা আৰু মানবশক্তি থকা সকলো ৰাজ্যৰ ব্যক্তিগত ছপাশাল সমূহে আবেদন জমা কৰিব পাৰে।
আবেদন অৱৰ সচিব অথবা উচ্চ স্তৰীয় বিষয়াক উদ্দেশ্য কৰি জনতা ভৱন, দিছপুৰ, অসমৰ প্ৰশাসনীয় বিভাগত জমা কৰিব লাগিব। এই প্ৰক্ৰিয়াৰ বিষয়ে সবিশেষ জানিবৰ বাবে আমাৰ কাৰ্য্যালয়ৰ স্মাৰক পত্ৰ নং. পি.এছ.এফ. ১৯/৯২/ pt-II/৩৫১ দিনাংক ১০ মাৰ্চ, ১৯৯৭ত চাব পাৰে নতুবা আমাৰ ৱেবছাইটৰ পৰাও ইয়াক ডাউনলোড কৰিব পাৰে।
আবেদনৰ লগত জমা দিবৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ আমাৰ সূচনা নং. পি.এছ.জি. ২৩/২০১১/১২ তাৰিখ ২০ আগষ্ট, ২০১১ত পোৱা যাব আৰু ইয়াক আমাৰ ৱেবছাইটৰ পৰাও ডাউনলোড কৰিব পৰা যাব।
আমাৰ কাৰ্য্যালয়ৰ স্মাৰক পত্ৰ নং. পি.এছ.এফ. ১৯/৯২/ pt-II/৩৫১ দিনাংক ১০ মাৰ্চ, ১৯৯৭ অনুসৰি লাগতিয়াল পৰীক্ষণ আৰু সত্যাসত্য নিৰ্ণয় সম্পন্ন কৰাৰ পিছত ব্যক্তিগত ছপাশালে(সমূহে) পঞ্জীয়ন প্ৰমাণ পত্ৰ প্ৰেৰণ কৰাৰ আগতে আৱশ্যকীয় পঞ্জীয়ন মাচুল জমা কৰিব লাগিব।
অনলাইন ব্যৱস্থা বৰ্তমান প্ৰক্ৰিয়াধীন। আবেদন অৱৰ সচিব অথবা উচ্চ স্তৰীয় বিষয়াক উদ্দেশ্য কৰি জনতা ভৱন, দিছপুৰ, অসমৰ মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগত জমা কৰিব লাগিব।
অৱৰ সচিব অথবা উচ্চ স্তৰীয় বিষয়া,
প্ৰশাসনীয় বিভাগ, এ ব্লক,২য় মহলা,
জনতা ভৱন, দিছপুৰ, অসম
Title | Size | Detail |
---|---|---|
কাৰ্য্যালয়ৰ স্মাৰক পত্ৰ নং. পি.এছ.এফ. ১৯/৯২/ pt-II/৩৫১ দিনাংক ১০ মাৰ্চ, ১৯৯৭ | 244.51 KB | |
সূচনা নং. পি.এছ.জি. ২৩/২০১১/১২ তাৰিখ ২০ আগষ্ট, ২০১১ | 35.68 KB |