মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মুদ্ৰণ আৰু লেখন সামগ্ৰী মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকালয়

মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগত পঞ্জীয়নৰ কাৰণে কিদৰে আবেদন কৰিব

 

তালিকাঃ

  • আবেদন।
  • সকলো আৱশ্যকীয় নথি পত্ৰৰ সৈতে আবেদন কৰিব লাগিব।
  • মাচুল:- পঞ্জীয়ন মাচুল জমা দিয়াৰ পিছত পঞ্জীয়ন প্ৰমাণ পত্ৰ প্ৰেৰণ কৰা হব।
  • কিমান সময়ৰ বাবে থাকিব:- পঞ্জীয়ন প্ৰমাণ পত্ৰ এবছৰৰ বাবে থাকিব।
  • নৱীকৰণ:- পঞ্জীকৃত ছপাশালে(সমূহে) বছৰি পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব।

অৱলোকন

ৰাজ্যৰ ইচ্ছুক ব্যক্তিগত ছপাশাল সমূহে অসম চৰকাৰৰ মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগত পঞ্জীয়নৰ কাৰণে আবেদন জমা কৰিব পাৰে। পঞ্জীকৃত ছপাশাল সমূহে ৰাজ্যৰ বিভিন্ন চৰকাৰী বিভাগৰ মুদ্ৰণৰ কাম সম্পাদন কৰিবৰ বাবে যোগ্য হব।

যোগ্যতাৰ মাপকাঠী

আৱশ্যকীয় ক্ষমতা আৰু মানবশক্তি থকা সকলো ৰাজ্যৰ ব্যক্তিগত ছপাশাল সমূহে আবেদন জমা কৰিব পাৰে।

আবেদন প্ৰক্ৰিয়া

আবেদন অৱৰ সচিব অথবা উচ্চ স্তৰীয় বিষয়াক উদ্দেশ্য কৰি জনতা ভৱন, দিছপুৰ, অসমৰ প্ৰশাসনীয় বিভাগত জমা কৰিব লাগিব। এই প্ৰক্ৰিয়াৰ বিষয়ে সবিশেষ জানিবৰ বাবে আমাৰ কাৰ্য্যালয়ৰ স্মাৰক পত্ৰ নং. পি.এছ.এফ. ১৯/৯২/ pt-II/৩৫১ দিনাংক ১০ মাৰ্চ, ১৯৯৭ত চাব পাৰে নতুবা আমাৰ ৱেবছাইটৰ পৰাও ইয়াক ডাউনলোড কৰিব পাৰে।

আবেদনৰ সৈতে প্ৰদান কৰিব লগীয়া নথি-পত্ৰ সমূহ

আবেদনৰ লগত জমা দিবৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ আমাৰ সূচনা নং. পি.এছ.জি. ২৩/২০১১/১২ তাৰিখ ২০ আগষ্ট, ২০১১ত পোৱা যাব আৰু ইয়াক আমাৰ ৱেবছাইটৰ পৰাও ডাউনলোড কৰিব পৰা যাব।

মাচুল

আমাৰ কাৰ্য্যালয়ৰ স্মাৰক পত্ৰ নং. পি.এছ.এফ. ১৯/৯২/ pt-II/৩৫১ দিনাংক ১০ মাৰ্চ, ১৯৯৭ অনুসৰি লাগতিয়াল পৰীক্ষণ আৰু সত্যাসত্য নিৰ্ণয় সম্পন্ন কৰাৰ পিছত ব্যক্তিগত ছপাশালে(সমূহে) পঞ্জীয়ন প্ৰমাণ পত্ৰ প্ৰেৰণ কৰাৰ আগতে আৱশ্যকীয় পঞ্জীয়ন মাচুল জমা কৰিব লাগিব।

অফলাইন / অনলাইন

অনলাইন ব্যৱস্থা বৰ্তমান প্ৰক্ৰিয়াধীন। আবেদন অৱৰ সচিব অথবা উচ্চ স্তৰীয় বিষয়াক উদ্দেশ্য কৰি জনতা ভৱন, দিছপুৰ, অসমৰ মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগত জমা কৰিব লাগিব।

কাক যোগাযোগ কৰিব

অৱৰ সচিব অথবা উচ্চ স্তৰীয় বিষয়া,
প্ৰশাসনীয় বিভাগ, এ ব্লক,২য় মহলা,
জনতা ভৱন, দিছপুৰ, অসম

Downloads
TitleSizeDetail
PDF icon কাৰ্য্যালয়ৰ স্মাৰক পত্ৰ নং. পি.এছ.এফ. ১৯/৯২/ pt-II/৩৫১ দিনাংক ১০ মাৰ্চ, ১৯৯৭244.51 KBswf-image
PDF icon সূচনা নং. পি.এছ.জি. ২৩/২০১১/১২ তাৰিখ ২০ আগষ্ট, ২০১১35.68 KBswf-image